মুশ্বৰিকসকলৰ মাজৰ কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যিসকলে অত্যাধিক হত্যা কৰিছিল আৰু ব্যভিচাৰত লিপ্ত আছিল। সিহঁতে তেখেতক ক'লেঃ আপুনি যি ইছলামৰ প্ৰতি আহ্বান কৰে আৰু যিবোৰ শিক্ষা দিয়ে সেইবোৰ খুবেই সুন্দৰ। কিন্তু আমি যিবোৰ গুনাহত লিপ্ত হৈ আছোঁ তথা যিবোৰ শ্বিৰ্ক আৰু মহাপাপ আদি কৰিছোঁ, এইবোৰৰ কিবা প্ৰায়শ্চিত্য আছেনে? এই ঘটনাৰ পৰিপ্ৰেক্ষিতত দুটা আয়াত অৱতীৰ্ণ হৈছিল, য'ত কোৱা হৈছে যে, মানুহৰ গুনাহ যিমানেই বেছি নহওক কিয় তথা যিমানেই ডাঙৰ নহওক কিয় তথাপিও আল্লাহে তাৰ তাওবা কবূল কৰিব। যদি এইটো সুবিধা নাথাকিলহেঁতেন তেন্তে সিহঁতে নিজৰ কুফৰ আৰু অন্যায়-অত্যাচাৰ অব্যাহত ৰাখিলহেঁতেন আৰু ইছলামত প্ৰৱেশ নকৰিলেহেঁতেন।