হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, কিয়ামতৰ দিনা মৃত্যুক এটা ক'লা বগা মিশ্ৰিত ভেড়াৰ ৰূপত অনা হ'ব। তেতিয়া ঘোষণা কৰা হ'ব, হে জান্নাতীসকল! এই ঘোষণা শুনাৰ পিছত তেওঁলোকে ঘাৰ দাঙি মূৰ তুলি সেইপিনে চাব। তেওঁলোকক কোৱা হ'বঃ ইয়াক তোমালোকে চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, ই হৈছে মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখি আহিছে আৰু ভালকৈয়ে চিনি পায়। ইয়াৰ পিছত এজন ঘোষণাকাৰীয়ে ঘোষণা কৰিবঃ হে জাহান্নামৰ অধিবাসীসকল! এই ঘোষণা শুনি সিহঁতে ঘাৰ দাঙি মূৰ তুলি চাব, আৰু তেওঁলোকে ঘোষণাকাৰীৰ প্ৰতি মনোযোগ দিব। ঘোষণাকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয় চিনি পাওঁ, ই হৈছে মৃত্যু। সিহঁতেও ইয়াক দেখি আহিছে। ইয়াৰ পিছত তাক জবেহ কৰা হ'ব, আৰু ঘোষণাকাৰীয়ে ঘোষণা কৰি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! চিৰকাল ইয়াত থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও তাত চিৰকাল থাকিব লাগিব, তাত কোনো মৃত্যু নাই। ইয়াৰ উদ্দেশ্য হৈছে যাতে মুমিনসকলৰ নিয়ামত বৃদ্ধি পায়, আৰু কাফিৰসকলে শাস্তি ভোগ কৰে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই আয়াত তিলাৱত কৰিছিলঃ আৰু সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যেতিয়া সকলো সিদ্ধান্ত হৈ যাব। অথচ সিহঁত উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁত ঈমান পোষণ নকৰে। এতেকে ক্বিয়ামতৰ দিনাই জান্নাতী আৰু জাহান্নামীসকলৰ মাজত ফয়চালা কৰি পৃথক কৰি দিয়া হ'ব। ইয়াৰ পিছত প্ৰত্যেকেই নিজৰ নিজৰ ঠিকনাত চিৰস্থায়ী হিচাপে থাকিব। এতেকে ভুল জীৱন-যাপন কৰা ব্যক্তিয়ে সেইদিনা আফচোচ কৰিব আৰু অনুতপ্ত হ'ব। কল্যাণৰ পথ গ্ৰহণ নকৰা পাপী ব্যক্তিয়ে হতাশাত ভূগিব।