ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই গুৰুত্বপূর্ণ এই আয়াতটোৰ তাফছীৰ কৰি কৈছে যে, আল্লাহে উল্লেখ কৰা এই উপাস্যবোৰ হৈছে সেইসকল উপাস্য, যিবোৰৰ উপাসনা কৰিবলৈ নূহ সম্প্ৰদায়ে ইজনে সিজনক উপদেশ দিছিল, অথচ সিহঁতৰ নবী নূহ আলাইহিচ্ছালামে ইতিপূৰ্বে সিহঁতক বাৰে বাৰে শ্বিৰ্কৰ পৰা বিৰত থাকিবলৈ কৈ গৈছিল। দৰাচলতে এইবোৰ হৈছে সিহঁতৰ মাজৰ কিছুমান পূণ্যৱান লোকসকলৰ নাম। চয়তানে সিহঁতক কু-মন্ত্রণা দিয়াৰ ফলত সিহঁতে তেওঁলোকৰ বিষয়ে সীমালংঘন আৰম্ভ কৰিলে। আনকি সিহঁতে তেওঁলোকৰ প্ৰতিকৃতি নির্মাণ কৰিলে। অৱশেষত এই প্ৰতিকৃতিবোৰ এটা সময়ত মূৰ্ত্তিত পৰিণত হ’ল, যিবোৰক আল্লাহৰ বাহিৰে ইবাদত কৰা হৈছিল।