অজ্ঞতা যুগত যাদুগ্ৰস্থ ব্যক্তিক যিদৰে চিকিৎসা কৰা হৈছিল সেই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল, উদাহৰণস্বৰূপে যাদুক যাদুৰ দ্বাৰা চিকিৎসা কৰা, এতেকে তেখেতে উত্তৰত ক’লেঃ এইটো হৈছে চয়তানৰ কৰ্ম বা চয়তানৰ মাধ্যমত সংগঠিত হোৱা কৰ্ম। কিয়নো, এইটো সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যাদু আৰু চয়তানী কৰ্মৰ দ্বাৰা সম্পাদন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক তথা হাৰাম। আনহাতে বৈধ নুশ্বৰাহ হৈছে জৰা-ফুঁকাৰ মাধ্যমত অথবা যাদু অনুসন্ধান কৰি সেইটো কোৰআন তিলাৱত কৰি হাতৰ দ্বাৰা বিনষ্ট কৰা অথবা বৈধ ঔষধৰ দ্বাৰা যাদুৰ চিকিৎসা কৰা।