হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজ্ঞতা যুগৰ কিছুমান বিষয়ৰ পৰা সতৰ্ক কৰিছে। এই কথা স্পষ্ট কৰিবলৈ যে, ইয়াৰ চাবি কাঠি হৈছে আল্লাহৰ হাতত। আল্লাহৰ আদেশ আৰু তেওঁ নিৰ্ধাৰণ কৰা তাক্বদীৰৰ বাহিৰে ইয়াৰ কোনো অনিষ্টতা নাই। যেনে- প্ৰথমঃ অজ্ঞতা যুগৰ লোকসকলে ধাৰণা কৰিছিল যে, বেমাৰ-আজাৰ নিজে নিজেই সংক্ৰমিত হয়। এই ধাৰণাক নসাৎ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, বেমাৰ কেতিয়াও বেমাৰীৰ পৰা নিজে নিজেই সংক্ৰমিত নহয়। বৰং আল্লাহৰ আদেশানুক্ৰমেহে এনেকুৱা হয়। কাৰণ তেৱেঁই বেমাৰ অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই আৰোগ্য প্ৰদান কৰে। গতিকে তেওঁৰ ইচ্ছা আৰু তাক্বদীৰ অবিহনে একোৱেই নহয়। দ্বিতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে যেতিয়া কোনো ভ্ৰমণৰ বাবে অথবা ব্যৱসায়-বাণিজ্যৰ বাবে ওলাইছিল তেতিয়া সিহঁতে চৰাই উৰুৱাইছিল, যদি সেই চৰাইটো সোঁফালে উৰিছিল তেন্তে সিহঁতে ইয়াক শুভ লক্ষণ বুলি ভাবিছিল। আনহাতে যদি বাওঁফালে উৰিছিল তেন্তে ইয়াক অশুভ লক্ষণ বুলি ভাবিছিল, আৰু সেই কামৰ পৰা বিৰত থাকিছিল। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই অশুভ লক্ষণ আদি পোষণ কৰিবলৈ নিষেধ কৰিছে। লগতে এই কথা স্পষ্ট কৰিছে যে, এইটো হৈছে অন্ধ বিশ্বাস তথা বাতিল আক্বীদাহ। তৃতীয়ঃ অজ্ঞতা যুগৰ লোকসকলে কৈছিলঃ যদি কোনো ফেঁচা কোনো ঘৰত আহে, তেন্তে সেই ঘৰত বিপদ আহিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কুঃসংস্কাৰৰ পৰাও নিষেধ কৰিছে। চতুৰ্থঃ এইদৰে তেখেতে নিষেধ কৰি কৈছে যে, চফৰ মাহৰো কোনো অশুভ লক্ষণ নাই। এইটো হৈছে চন্দ্ৰ মাহবোৰৰ দ্বিতীয় মাহ। এইটোও কোৱা হয় যে, চফৰ হৈছে পেটত থকা এক প্ৰকাৰ সৰীসৃপ, যিটো মানুহক আৰু জীৱ-জন্তুক প্ৰভাৱিত কৰে। সিহঁতে দাবী কৰে যে, এইটো হৈছে চৰ্মৰোগতকৈও অধিক সংক্ৰমণশীল। তেখেতে এই কুঃসংস্কাৰকো নসাৎ কৰিছে। পঞ্চমঃ তেখেতে কুষ্ঠৰোগীৰ পৰা আঁতৰত থকাৰ নিৰ্দেশ দিছে, যিদৰে সিংহৰ পৰা আঁতৰত থকা হয়। এইটো হৈছে মনৰ আশংকাৰ পৰা এটা সাৱধানতা মাত্ৰহে আৰু নিৰাপত্তা লাভৰ উপায়, যিটো অৱলম্বন কৰিবলৈ আল্লাহে নিৰ্দেশ দিছে। কুষ্ঠৰোগ হৈছে এনেকুৱা এটা বেমাৰ, যিয়ে মানুহৰ অংগৰ ছালক সংক্ৰমিত কৰে।