মৰুভূমিত বসবাস কৰা এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে যে, কিয়ামত কেতিয়া সংঘটিত হ'ব? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ তুমি ইয়াৰ বাবে কি কি নেক আমল কৰিছা? প্ৰশ্নকৰ্তাই উত্তৰত ক'লেঃ মই ইয়াৰ বাবে কোনো ডাঙৰ আমল কৰা নাই, কিন্তু এইটো নিশ্চিত যে, মই আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত মুহাব্বত কৰোঁ। ব্যক্তিজনে ইয়াৰ বাহিৰে বেলেগ কোনো আন্তৰিক, শাৰীৰিক বা আৰ্থিক ইবাদত সম্পৰ্কে একো উল্লেখ কৰা নাই। কাৰণ এই সকলোবোৰ হৈছে মুহাব্বতৰ শাখা-প্ৰশাখা। কিয়নো প্ৰকৃত মুহাব্বতে ব্যক্তিক নেক আমল কৰিবলৈ উৎসাহিত কৰে তথা প্ৰেৰণা দিয়ে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ নিশ্চিতভাৱে তুমি জান্নাতত তেওঁৰেই সংগ লাভ কৰিবা, যাক তুমি ভালপোৱা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এই সুসংবাদ শুনি চাহাবাসকলে অত্যন্ত আনন্দিত হ'ল। হাদীছটোৰ শেষত বৰ্ণনাকাৰী আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ময়ো নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ভালপাওঁ, লগতে আবু বকৰ আৰু ওমৰকো ভাল পাওঁ। সেয়ে আশা কৰোঁ, তেওঁলোকৰ সংগী হোৱাৰ সৌভাগ্য লাভ কৰিম। যদিও মই তেওঁলোকৰ দৰে আমল কৰিব পৰা নাই।