যেতিয়া এই বিশিষ্ট চাহাবীজনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত এনেকুৱা এটা আয়াত তিলাৱত শুনিলে যি আয়াতত ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ বিষয়ে আলোচনা কৰা হৈছে যে, সিহঁতে সিহঁতৰ পাদ্রীসকলক আৰু আলিমসকলক ইলাহ সাব্যস্ত কৰিছে, সেই পাদ্ৰীসকলে সিহঁতৰ বাবে আল্লাহৰ বিধানৰ পৰিপন্থী বিধান দিয়ে যাৰ অনুকৰণ সিহঁতে কৰে, এই আয়াতটো শুনাৰ পিছত তেওঁৰ বাবে আয়াতৰ ব্যাখ্যাটো কঠিন হৈ পৰে। কাৰণ, তেওঁ ধাৰণা কৰিছিল যে, ইবাদত কেৱল ছাজদাহ কৰা ইত্যাদিৰ মাজতেই সীমাবদ্ধ। ফলত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাই দিলে যে, আল্লাহ আৰু তেওঁ ৰাছুলৰ বিধানৰ বিপৰীতে হালালক হাৰাম আৰু হাৰামক হালাল সাব্যস্ত কৰাৰ ক্ষেত্রত আলিম আৰু পাদ্রীসকলৰ অনুকৰণ কৰাটোও হৈছে সিহঁতৰ ইবাদত কৰা।