হাদীছটোৰ জৰিয়তে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যিয়ে আল্লাহৰ বাহিৰে তথা তেওঁৰ নাম আৰু গুণাৱলীৰ বাহিৰে আন কাৰো শপত কৰে, সি দৰাচলতে কুফৰী কৰে নাইবা শ্বিৰ্ক কৰে। কাৰণ শপত খোৱাৰ অৰ্থ হৈছে শপতকাৰীয়ে তাক অত্যন্ত তাজীম কৰে তথা খুবেই মহান বুলি গণ্য কৰে। পক্ষান্তৰে সৰ্বোচ্চ মহান সত্ত্বা তথা তাজীমৰ একমাত্ৰ হকদাৰ হৈছে আল্লাহ তাআলা। গতিকে আল্লাহৰ বাহিৰে তথা তেওঁৰ আচমা (নাম) অচ্ছিফাত (গুণাৱলী)ৰ বাহিৰে আন কাৰো নামত শপত খোৱা বৈধ নহয়। এই শপত হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক হিচাপে বিবেচিত। কিন্তু যদি কোনোবাই শপত খোৱা বস্তুটোক আল্লাহৰ সমান অথবা তাতকৈ বেছি সন্মান কৰে তেন্তে তেতিয়া সেইটো শ্বিৰ্কে আকবৰ বা ডাঙৰ শ্বিৰ্ক হিচাপে গণ্য হয়।