নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ওচৰত দুআ কৰিছে যে, তেখেতৰ কবৰক যেন মূৰ্তিৰূপে ব্যৱহাৰ কৰা নহয়, মূৰ্তিক যিদৰে মানুহে সন্মান কৰি উপাসনা কৰে, তথা সন্মুখত ৰাখি ছাজদাহ কৰে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহে সেইসকল লোকক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰিছে, যিসকলে নবীসকলৰ কবৰক মছজিদ বনাই লৈছে। কিয়নো কবৰক মছজিদত পৰিণত কৰাটো হৈছে তাৰ ইবাদত কৰা আৰু তাৰ প্ৰতি বিশ্বাস স্থাপন কৰা।