নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰীসকলৰ অভিভাৱকসকলক আৰু যিসকলে তেওঁলোকৰ চোৱাচিতাৰ দায়িত্বত আছে তেওঁলোকক নিষেধ কৰিছে যে, তেওঁলোকে যেন নাৰীসকলক মছজিদত যাবলৈ বাধা নিদিয়ে। লগতে তেখেতে নাৰীসকলক নিৰ্দেশনা দি কৈছে যে, তেওঁলোকে যেন ঘৰৰ পৰা ওলোৱাৰ সময়ত সৌন্দৰ্য্য প্ৰদৰ্শন কৰি আৰু সুগন্ধি ব্যৱহাৰ কৰি নোলায়। যাতে পুৰুষসকলৰ বাবে ফিতনাৰ কাৰণ নহয়।