নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ সৈতে মছজিদত বহি আছিল। সেই সময়তে এজন বেদুঈন আহি মছজিদত প্ৰৱেশ কৰিলে আৰু মছজিদৰ এটা চোকত গৈ প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। এই দেখি চাহাবাসকলে তাক ধমক দি ক'লেঃ হেৰা, বন্ধ কৰা, ইয়াত প্ৰস্ৰাৱ নকৰিবা। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক এৰি দিয়া, বাধা নিদিবা। অৱশেষত সি প্ৰস্ৰাৱ সম্পন্ন কৰিলে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লেঃ মছজিদসমূহ প্ৰস্ৰাৱকে আদি কৰি কোনো ধৰণৰ বেয়া বস্তুৰ বাবে উপযুক্ত নহয়। ইয়াত কেৱল আল্লাহৰ জিকৰ-আজকাৰ কৰা হয়, নামাজ পঢ়া হয় আৰু কোৰআন তিলাৱত কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন চাহাবীক এক বাল্টি পানী আনিবলৈ নিৰ্দেশ দিলে। পানী এক বাল্টি অনাৰ পিছত সেই প্ৰস্ৰাৱৰ ওপৰত পানী ঢালি দিলে।