নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যদি এজন মুছলিমে এই দুটা বস্তুক সুৰক্ষিত ৰাখে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব। প্ৰথমটো হৈছে, এনেকুৱা কথাৰ পৰা জিভাক সুৰক্ষিত ৰখা, যি কথা ক'লে আল্লাহ অসন্তুষ্ট হয়। দ্বিতীয়টো হৈছে, অশ্লীলতাত লিপ্ত হোৱাৰ পৰা লজ্জাস্থানক সুৰক্ষিত ৰখা। কাৰণ এই দুটা অংগৰ জৰিয়তেই অধিক গুনাহ সংঘটিত হয়।