হাদীছটোত উল্লেখ হৈছে যে, উছামা বিন ঝায়েদক কোৱা হৈছিল যে, মানুহৰ মাজত প্ৰসাৰিত হোৱা ফিতনাক দমন কৰিবলৈ আপুনি উছমান ৰাদ্বিয়াল্লাহু আনহুৰ সৈতে কথা নাপাতে কিয়? তেতিয়া তেওঁ কৈছিল যে, তেওঁ গোপনে তেখেতৰ সৈতে কথা পাতিছে, যাতে ফিতনা সৃষ্টিকাৰীসকলে সুযোগ ল'ব নোৱাৰে। তেওঁ দৰাচলতে মুকলিকৈ শাসকক নিন্দা কৰিব বিচৰা নাছিল। কাৰণ এইটো খলীফাৰ প্ৰতি আক্ৰমণৰ কাৰণ হ'ব পাৰে। লগতে তেওঁ কৈছিল, এইটো হৈছে ফিতনা আৰু অনিষ্টৰ এটা দুৱাৰ, যিটো মই প্ৰথমে খুলিব নিবিচাৰোঁ। ইয়াৰ পিছত উছামা ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ তেওঁ আমীৰক গোপনে পৰামৰ্শ দিয়ে। তেওঁ কাকো তোষামোদ নকৰে যদিও আমীৰ হয়। তেওঁ সিহঁতৰ চাটুকাৰিতা নকৰে আৰু সিহঁতৰ মুখত মিছা প্ৰশংসা নকৰে। ইয়াৰ কাৰণ হৈছে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে যে, কিয়ামতৰ দিনা এজন ব্যক্তিক অনা হ'ব আৰু তাক জাহান্নামত নিক্ষেপ কৰা হ'ব, ফলত ইয়াৰ শাস্তি তথা উৎকট গৰম সহ্য কৰিব নোৱাৰি তাৰ পেটৰ নাড়ীভুঁৰি ওলাই আহিব। সি এই অৱস্থাতে জাহান্নামত ঘূৰি ফুৰিব যিদৰে গাধই তেল আদি পেৰাৰ সময়ত তেলীশালৰ চাৰিওফালে ঘূৰে। তাৰ এই অৱস্থা দেখি জাহান্নামীসকল তাৰ চাৰিওফালে ভিৰ কৰিব, আৰু তাক সুধিবঃ হে অমুক! তুমি দেখোন সৎকৰ্মৰ আদেশ দিছিলা আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলা, তথাপিও তোমাৰ এই অৱস্থা কিয়? তেতিয়া সি ক'বঃ হয়, নিশ্চয় মই সৎকৰ্মৰ আদেশ দিছিলোঁ কিন্তু মই নিজে আমল কৰা নাছিলোঁ, আৰু মই অসৎকৰ্মৰ পৰা নিষেধ কৰিছিলোঁ কিন্তু সেইটো মই নিজেই কৰিছিলোঁ।