নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিকট শব্দ শুনা পালে, যিদৰে এটা শকত শৰীৰৰ মানুহ পৰি গলে শব্দ হয়। ইয়াৰ পিছত তেখেতে তেখেতৰ ওচৰত থকা চাহাবাসকলক এই শব্দটোৰ বিষয়ে সুধিলে। তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে শুনা পোৱা এই শব্দটো হৈছে এটা শিলৰ শব্দ, যিটোক সত্তৰ বছৰ আগত জাহান্নামৰ পাৰৰ পৰা নিক্ষেপ কৰা হৈছিল, ইমান দিনে সেইটো পৰিয়ে আছিল, এতিয়াহে গৈ তল পালে।