হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে জান্নাতত থকা জান্নাতীসকলক মাতি ক'বঃ হে জান্নাতীসকল! তেতিয়া তেওঁলোকে উত্তৰত ক'বঃ হে আমাৰ প্ৰতিপালক! আমি উপস্থিত আছোঁ আৰু সদায় তোমাৰ আশীৰ্বাদ কামনা কৰিছোঁ। তেতিয়া আল্লাহে তেওঁলোকক ক'বঃ তোমালোক সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ হয়, আমি সন্তুষ্ট হৈছোঁ। আমি কিয় সন্তুষ্ট নহ'ম, অথচ তুমি আমাক এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ কাকো প্ৰদান কৰা নাই। তেতিয়া মহান আল্লাহে ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা প্ৰদান নকৰিমনে? তেওঁলোকে ক'বঃ ইয়াতকৈ আৰু কি বস্তু উত্তম হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত চিৰস্থায়ী কৰি দিলোঁ। ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।