আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে এনেকুৱা বস্তু প্ৰস্তুত কৰি ৰাখিছোঁ, তেনেকুৱা বস্তু কোনো চকুৱে দেখা পোৱা নাই আৰু কোনো কাণেও শুনি পোৱা নাই, আনকি কোনো অন্তৰে সেয়া কল্পনাও কৰিব নোৱাৰে।" আবু হুৰাইৰাই কৈছেঃ তোমালোকে ইয়াৰ প্ৰমাণস্বৰূপে এই আয়াত পাঠ কৰিব পাৰাঃ অৰ্থঃ এতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে। (ছুৰা আচ-ছাজদাহঃ ১৭) ছহীহ - (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৰকতময় মহান আল্লাহে কৈছেঃ মই মোৰ নেক বান্দাসকলৰ বাবে জান্নাতত আতিথ্য আপ্যায়নৰ কাৰণে যি প্ৰস্তুত কৰি ৰাখিছোঁ, সেইবোৰক কোনো চকুৱে দেখা নাই, কোনো কাণেও সেইবোৰৰ বৈশিষ্ট্য শুনা নাই, আনকি কোনো মানুহৰ অন্তৰে ইয়াৰ ধৰণ-গঠন সম্পৰ্কে কল্পনাও কৰিব নোৱাৰে। আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ ইয়াৰ প্ৰমাণ চাব বিচাৰিলে, এই আয়াত পঢ়ি চোৱা। এতেকে কোনোৱেই নাজানে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি লুকুৱাই ৰখা হৈছে। (ছুৰা আছ-ছাজদাহঃ ১৭)

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত অলৌকিকতা আছে।
  • নেক আমল কৰিবলৈ আৰু বেয়া আমলৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰা হৈছে। যাতে সেই সফলতা অৰ্জন হয়, যিটো আল্লাহে তেওঁৰ নেক বান্দাসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
  • মহান আল্লাহে তেওঁৰ পৱিত্ৰ গ্ৰন্থত আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ হাদীছত জান্নাতৰ প্ৰতিটো বস্তু সম্পৰ্কে সংবাদ দিয়া নাই। আমি যিখিনি সম্পৰ্কে অৱগত হৈছোঁ, তাতকৈও অধিক মহান মহান বস্তু তেওঁ প্ৰস্তুত কৰি ৰাখিছে।
  • হাদীছটোত জান্নাতৰ পূৰ্ণাংগ নিয়ামতৰ বৰ্ণনা আহিছে। জান্নাতীসকল সকলো প্ৰকাৰ দুখ-কষ্ট তথা দুশ্চিন্তা আদিৰ পৰা মুক্ত থাকিব।
  • পাৰ্থিৱ সা-সামগ্ৰী হৈছে ধ্বংসশীল, আনহাতে আখিৰাতৰ নিয়ামত হৈছে চিৰস্থায়ী আৰু সৰ্বোত্তম।