নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুক জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁক ৰব্ব হিচাপে, উপাস্য হিচাপে, মালিক হিচাপে, পৰিচালক হিচাপে মানিলৈ সন্তুষ্ট হ'ব, লগতে ইছলামক দ্বীন হিচাপে মানিলৈ ইয়াৰ যাৱতীয় আদেশ নিষেধৰ প্ৰতি আমল কৰি সন্তুষ্ট হ'ব, এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি তথা তেখেতে লৈ অহা প্ৰতিটো বিষয়ক সত্য বুলি স্বীকাৰ কৰি সন্তুষ্ট হ'ব, তাৰ বাবে জান্নাত অনিবাৰ্য্য। আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। আবু ছাঈদে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।