নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে দৃঢ়ভাৱে এটা দিন পাৰ কৰাৰ প্ৰতিদান হৈছে পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে মুজাহিদে জিহাদত ব্যৱহাৰ কৰা এটা চাবুকৰ সমান জান্নাতৰ ঠাই গোটেই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে পুৱাৰ পৰা দুপৰীয়ালৈকে অথবা দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে আল্লাহৰ পথত অতিবাহিত কৰাটো পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম।