নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, জান্নাতীসকলক এজন আহ্বানকাৰীয়ে আহ্বান কৰি ক'ব যে, হে জান্নাতীসকল, এই জান্নাতত তোমালোকে সদায় সুস্থ থাকিবা, ইয়াত তোমালোকৰ কোনো ধৰণৰ বেমাৰ-আজাৰ নহ'ব, সৰুতকৈ সৰু বেমাৰো নহ'ব। ইয়াত তোমালোকে চিৰস্থায়ী জীৱন লাভ কৰিবা, ইয়াত কেতিয়াও তোমালোকৰ মৃত্যু নহ'ব, আনকি টোপনিও নধৰিব, কাৰণ টোপনিও হৈছে এক প্ৰকাৰ মৃত্যু। ইয়াত তোমালোকে সদায় যুৱক হৈ থাকিবা, কেতিয়াও বৃদ্ধ নহ'বা। ইয়াত তোমালোকে সদায় সুখ শান্তিত থাকিবা, ইয়াত অভাৱ অনাটন, দুখ কষ্ট একোৱে স্পৰ্শ নকৰিব। এইকাৰণে সৰ্বশক্তিমান আল্লাহে কৈছেঃ "তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।" (ছুৰা আল-আৰাফঃ ৪৩)