নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঈদৰ দিনা ঈদগাহলৈ ওলাই আহিল। তেখেতে নাৰীসকলক পৃথককৈ ভাষণ দিব বুলি আগতীয়াকৈ কথা দিছিল। সেয়ে তেখেতে সেইদিনা সেইটো পূৰণ কৰিছিল। তেখেতে তেওঁলোকক নছীহত কৰি কৈছিলঃ হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা আৰু অধিক পৰিমাণে ক্ষমা প্ৰাৰ্থনা কৰা। কাৰণ এইটো হৈছে গুনাহ মাফ হোৱাৰ অন্যতম এটা ডাঙৰ উপায়। কাৰণ মই ইছৰাৰ ৰাতি জাহান্নামত আটাইতকৈ বেছি নাৰীসকলক দেখিছোঁ। নাৰীসকলৰ মাজৰ পৰা এজনী বুদ্ধিমান নাৰীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! জাহান্নামত আমাৰ সংখ্যা (নাৰীসকলৰ সংখ্যা)অধিক হোৱাৰ কাৰণ কি? তেখেতে ক'লেঃ এয়া কেইবাটাও কাৰণত হ'ব, যেনে- তোমালোকে গালি শপনি বেছি পাৰা আৰু অভিশাপ বেছি দিয়া। এইদৰে স্বামীৰ অধিকাৰ নসাৎ কৰা আৰু অকৃতজ্ঞ হোৱা। ইয়াৰ পিছত তেখেতে সিহঁতৰ আৰু এটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰি কৈছেঃ তোমালোকৰ দ্বীন আৰু বিবেক বুদ্ধিত ত্ৰুটি থকা সত্ত্বেও, কোনো এজন বুদ্ধিমান বিবেক সম্পন্ন তথা সদায় সতৰ্ক থকা লোকৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ অধিক চতুৰ মই আন কাকো দেখা নাই। প্ৰশ্ন কৰিলেঃ হে আল্লাহৰ ৰাছুল! দ্বীন আৰু বিবেক বুদ্ধিৰ ক্ষেত্ৰত কি ত্ৰুটি আছে আমাৰ? তেখেতে কলেঃ যিহেতু দুজনী নাৰীৰ সাক্ষ্য হৈছে এজন পুৰুষৰ সাক্ষ্যৰ সমান। সেয়ে এইটো হৈছে বিবেক বুদ্ধিৰ ত্ৰুটি। দ্বীনৰ ক্ষেত্ৰত ত্ৰুটিৰ অৰ্থ হৈছে নেক কৰ্মৰ হ্ৰাস। কাৰণ মহিলাসকলে কিছুমান দিন আৰু ৰাতি এনেদৰে পাৰ কৰে যেতিয়া তেওঁলোকে ঋতুস্ৰাৱৰ কাৰণে নামাজ নপঢ়ে আৰু ৰমাজান মাহত ৰোজা ৰাখিব নোৱাৰে। এইটোৱে হৈছে দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি। কিন্তু ইয়াৰ বাবে তেওঁলোকক দোষাৰোপ কৰা নহ'ব তথা জবাবদিহি কৰা নহ'ব, কাৰণ এইটো হৈছে তেওঁলোকৰ প্ৰাকৃতিক এটা বিষয়। উদাহৰণস্বৰূপে যিদৰে ধনৰ প্রতি মানুহৰ মোহ থাকে, আৰু সিহঁতে নিজৰ কাম দ্ৰুত সম্পন্ন হোৱাটো বিচাৰে, লগতে সিহঁতৰ মাজত অজ্ঞতা থাকে... আৰু এনে ধৰণৰ অন্যান্য বিষয়। কিন্তু ইয়াত সতৰ্ক কৰা হৈছে, যাতে ইয়াৰ ফলত কোনো ফিতনা (ধাৰ্মিক পৰীক্ষা) নহয়।