নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাৰিটা বিষয়ৰ পৰা নিষেধ কৰিছেঃ প্ৰথমঃ স্বামী বা কোনো মাহৰাম ব্যক্তি লগত নোহোৱাকৈ নাৰীসকলক দুদিনৰ দূৰত্বৰ ভ্ৰমণ কৰিবলৈ নিষেধ কৰিছে। মাহৰাম কোৱা হয় এনেকুৱা নিকটাত্মীয় ব্যক্তিক যাৰ সৈতে বিবাহ স্থায়ীভাৱে নিষিদ্ধ। যেনে- পুত্ৰ, পিতা, ভতিজা, ভাগিন, খুৰা, মোমাই আদি। দ্বিতীয়ঃ ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা ৰোজা ৰাখিবলৈ নিষেধ কৰিছে। মান্নতৰ ৰোজাই হওক বা নফল ৰোজা নাইবা কাফফাৰাৰ ৰোজা। তৃতীয়ঃ আচৰৰ পিছত সূৰ্যাস্ত নোযোৱালৈকে আৰু ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে নফল নামাজ পঢ়িবলৈ নিষেধ কৰিছে। চতুৰ্থঃ তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো ঠাইতে নামাজ পঢ়াৰ উদ্দেশ্যে ভ্ৰমণ কৰা উচিত নহয়, এই বুলি যে সেই ঠাইৰ কিবা বিশেষ ফজিলত আছে বা তাত গ'লে বেছি ছোৱাব পোৱা যাব। গতিকে কেৱল এই তিনিটা মছজিদত নামাজ পঢ়িলেহে অধিক ছোৱাব পোৱা যায়, সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে নবৱী আৰু মছজিদে আকচা।