গাইৰ মাহৰাম (এনেকুৱা নাৰী যাৰ সৈতে বিবাহ বৈধ) নাৰীৰ সৈতে মিশ্ৰিত পৰিৱেশত থাকিবলৈ অথবা একত্ৰিত হ'বলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সতৰ্ক কৰিছে। তেখেতে কৈছেঃ তোমালোকে নাৰীসকলৰ কাষত যোৱাৰ পৰা বিৰত থাকা, এইদৰে নাৰীসকলেও যাতে তোমালোকৰ কাষ চাপিব নোৱাৰে। তেতিয়া এজন আনচাৰী ব্যক্তিয়ে সুধিলেঃ স্বামীৰ আত্মীয় সম্পৰ্কে আপোনাৰ অভিমত কি? যেনে- স্বামীৰ ভাই, ভতিজা, খুৰা, খুৰাৰ ল'ৰা, ভাগিন আদি, যিসকলৰ সৈতে বিবাহ বৈধ, যদিও সিহঁত বিবাহিত নহয়? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তাক এনেকৈ ভয় কৰা যেনেকৈ মৃত্যুক ভয় কৰা হয়।কাৰণ দেৱৰৰ সৈতে নিৰ্জনতাই ফিতনা তথা ধৰ্মীয় ধ্বংসৰ প্ৰতি লৈ যায়। স্বামীৰ পিতা আৰু পুত্ৰৰ বাহিৰে অন্যান্য আত্মীয় পৰ পুৰুষতকৈও অধিক পৰ্দাযোগ্য। কিয়নো পৰ পুৰুষৰ তুলনাত স্বামীৰ আত্মীয়ৰ সৈতে নিৰ্জনতা খুবেই স্বাভাৱিক। সেয়ে অন্য ব্যক্তিৰ তুলনাত ইহঁতৰ পৰা অনিষ্ট সাধন হোৱাৰ আশংকা বেছি। কাৰণ কোনো বাধা নোহোৱাকৈ স্বাভাৱিকতে ইহঁতৰ সৈতে নিৰ্জনতা সম্ভৱ। কিছুমান ক্ষেত্ৰত ইহঁতৰ পৰা পৰ্দাও অসম্ভৱ হয়। সেয়ে সাধাৰণতে এই ক্ষেত্ৰত নৰম পন্থা অৱলম্বন কৰা দেখা যায়, আৰু দেৱৰে নবৌৰ সৈতে মিশ্ৰিত পৰিৱেশত থকা পৰিলক্ষিত হয়। অনিষ্ট আৰু ক্ষতিৰ দিশ বিবেচনা কৰিলে এইটো হৈছে মৃত্যু সমতুল্য। পক্ষান্তৰে পৰপুৰুষৰ ক্ষেত্ৰত এই আশংকা নাথাকে, কাৰণ তাৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰা হৈছে।