হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে আতা ইবনে ৰাবাহক কৈছিল যে, মই তোমাক এজনী জান্নাতী মহিলা দেখুৱামনে? তেওঁ ক'লেঃ হয়, নিশ্চয়। সৌ কৃষ্ণাংগ হাবশ্বী মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মোৰ মৃগীৰোগ বা মূৰ্ছাৰোগ আছে। সেয়ে যেতিয়া মই সেই ৰোগত আক্ৰান্ত হওঁ তেতিয়া মোৰ শৰীৰৰ কিছুমান অংগ উন্মুক্ত হয়, এইটো হয় মোৰ অজানিতে। গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, তেওঁ যেন মোক এই বেমাৰৰ পৰা আৰোগ্য প্ৰদান কৰে। তেতিয়া তেখেতে ক'লেঃ তুমি ইচ্ছা কৰিলে ধৈৰ্য্য ধাৰণ কৰিব পাৰা, তেন্তে তোমাৰ বাবে জান্নাত আছে। অন্যথা মই তোমাৰ বেমাৰ নিৰাময়ৰ বাবে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ। মহিলাজনীয়ে ক'লেঃ তেন্তে মই ধৈৰ্য্য ধাৰণ কৰিম। ইয়াৰ পিছত মহিলাজনীয়ে ক'লেঃ তেন্তে আপুনি মোৰ বাবে কেৱল এইটো দুআ কৰি দিয়ক যে, মই মূৰ্ছা যোৱাৰ সময়ত যাতে বিবস্ত্ৰ হৈ নাযাওঁ। তেতিয়া তেখেতে আল্লাহৰ ওচৰত তাইৰ বাবে দুআ কৰি দিলে।