হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা স্পষ্ট কৰিছে যে, আল্লাহে প্ৰতিটো বস্তুকে পৰিমিতভাৱে সৃষ্টি কৰিছে। আনকি অক্ষমতাকো, অৰ্থাৎ এনেকুৱা কৰ্মক পৰিত্যাগ কৰা যিটো কৰা অত্যন্ত জৰুৰী, সেইটো পালন কৰাৰ ক্ষেত্ৰত পলম কৰা, সেয়া দুনিয়াৱী বিষয় হওক বা আখিৰাত সম্পৰ্কীয়। এইদৰে বুদ্ধিমত্তাকো (নিৰ্দিষ্ট পৰিমাণত সৃষ্টি কৰা হৈছে) অৰ্থাৎঃ দুনিয়াৱী আৰু আখিৰাত সম্পৰ্কীয় কামত দেখুৱা সক্ৰিয়তা আৰু উদ্যমতা আদিকো। নিশ্চয় আল্লাহে অক্ষমতা আৰু বুদ্ধিমত্তাকো তাক্বদীৰত লিপিবদ্ধ কৰি ৰাখিছে, আনকি সংঘটিত হ'বলগীয়া প্ৰতিটো বিষয় সম্পৰ্কে আল্লাহ আগৰ পৰাই অৱগত আৰু তেওঁৰ ইচ্ছা অনুসৰিহে সেইবোৰ সংঘটিত হয়।