ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, তেওঁ যেতিয়া সৰু আছিল সেই সময়ৰ কথা, তেওঁ এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাহনত আৰোহণ কৰি থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ মই তোমাক কেইটিমান বিষয় শিকাম যিবোৰৰ দ্বাৰা আল্লাহে তোমাক উপকৃত কৰিব। আল্লাহৰ আদেশ আৰু তেওঁৰ নিষেধাজ্ঞাবোৰ যথাযথভাৱে পালন কৰিবা, যাতে আল্লাহে তোমাক সদায় তেওঁৰ আনুগত্য আৰু নৈকট্যমূলক কৰ্মত পায়, আনহাতে তোমাক পাপকৰ্ম তথা গুনাহৰ কামত যাতে নাপায়। যদি তুমি এইটো কৰা তেন্তে ইয়াৰ ফলত আল্লাহে তোমাক দুনিয়া আৰু আখিৰাতৰ সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব, লগতে তোমাক সকলো কামতে সহায় কৰিব, তুমি য'তেই নাথাকা কিয়। যদি তোমাৰ কিবা প্ৰয়োজন হয়, তেন্তে আল্লাহৰ ওচৰত খুজিবা, কাৰণ একমাত্ৰ তেৱেঁই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবূল কৰে। আৰু যদি তোমাক সহায়ৰ প্ৰয়োজন হয় তেন্তে কেৱল আল্লাহৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰিবা। লগতে তুমি চূড়ান্তৰূপে এই বিশ্বাস ৰাখিবা যে, গোটেই পৃথিৱীৰ মানুহ একত্ৰিত হৈ তোমাক উপকাৰ কৰিব বিচাৰিলেও বিন্দু পৰিমাণ তোমাৰ উপকাৰ কৰিব নোৱাৰে, কেৱল সেইখিনিৰ বাহিৰে যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। আনহাতে গোটেই পৃথিৱীবাসীয়ে মিলি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰিলে তোমাক একো ক্ষতি কৰিব নোৱাৰিব, কেৱল সেইখিনিয়ে ক্ষতি কৰিব পাৰিব যিখিনি আল্লাহে তোমাৰ ভাগ্যত লিখি ৰাখিছে। এই বিষয়টো সৰ্বশক্তিমান আল্লাহে তেওঁৰ জ্ঞান আৰু হিকমত অনুযায়ী পূৰ্বেই লিপিবদ্ধ কৰি ৰাখিছে, আল্লাহে লিপিবদ্ধ কৰা ভাগ্যত কোনো ধৰণৰ পৰিবৰ্তন নহয়।