নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক আগতীয়াকৈ সংবাদ দি কৈছিল যে, কাইলৈ ইয়াহুদীসকলৰ ওপৰত মুছলিমসকলে জয় লাভ কৰিব। এই বিজয় লাভ হ'ব এনেকুৱা এজন ব্যক্তিৰ জৰিয়তে যাক এই পতাকাখন অৰ্পন কৰা হ'ব, অৰ্থাৎ সেই পতাকা যিখন সেনাবাহিনীয়ে যুদ্ধত প্ৰতীক হিচাপে উত্তোলন কৰে। সেই ব্যক্তিজনৰ বৈশিষ্ট্য হৈছে এই যে, তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলক ভাল পায়। আনহাতে আল্লাহ আৰু তেওঁৰ ৰাছুলেও তেওঁক ভাল পায়। এই শুনি চাহাবাসকলে কোৱাকুইকে ৰাতি অতিবাহিত কৰিলে যে কাক দিয়া হ'ব সেই পতাকা? কাৰণ এইটো হৈছে এটা মহা মৰ্যাদাৰ বিষয়। ৰাতিপুৱা হোৱাৰ লগে লগে চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি গোট খালে, প্ৰত্যেকেই ভাবি আছিল এই মৰ্যাদা তেওঁহে লাভ কৰিব। এনেতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ইবনু আবি তালিব সম্পৰ্কে সুধিলে? কোৱা হ'ল যে, তেওঁ অসুস্থ, চকুৰ বেমাৰ হৈছে। এই শুনি তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক মাতি পঠোৱাৰ ব্যৱস্থা কৰিলে। তেওঁক মাতি অনা হ'ল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৰকতময় থু তেওঁৰ চকুত লগাই দিয়া হ'ল, আৰু তেখেতে দুআ কৰিলে, ফলত তেওঁ সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিলে, এনেকুৱা আৰোগ্য লাভ কৰিলে যেনিবা তেওঁৰ চকুত কোনো বেমাৰেই নাছিল। ইয়াৰ পিছত তেখেতে তেওঁক পতাকা অৰ্পন কৰিলে। লগতে তেওঁক নিৰ্দেশ দিলে যে, লাহে লাহে আগুৱাই যাবা, যেতিয়া তুমি শত্ৰুসকলৰ দুৰ্গৰ ওচৰতগৈ উপস্থিত হ'বা তেতিয়া সিহঁতক ইছলাম গ্ৰহণ কৰিবলৈ আহ্বান কৰিবা। যদি সিহঁতে ইছলাম গ্ৰহণ কৰে তেন্তে সিহঁতক সেইবোৰ বিষয় জনাই দিবা যিবোৰ পালন কৰা সিহঁতৰ ওপৰত অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আলী ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ পিনে আহ্বান কৰাৰ গুৰুত্ব বুজাই ক'লে যে, যদি এই আহ্বানৰ ফলত কোনোবাই হিদায়ত লাভ কৰে তেন্তে এয়া তোমাৰ বাবে এটা ৰঙা উটতকৈও উত্তম, যিটোক আৰবীয়ানসকলে মহামূল্যৱান সম্পদ বুলি গণ্য কৰে। অৰ্থাৎ এনেকুৱা উটৰ মালিক হোৱাতকৈও উত্তম অথবা এনেকুৱা উট চাদাক্বাহ কৰাতকৈও উত্তম।