নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে এটা সৰু সেনা বাহিনী (ছাৰিয়া) প্ৰেৰণ কৰিলে আৰু এজন আনচাৰী ছাহাবীক সেই সেনাদলৰ সেনাপতি (আমিৰ) পাতিলে, আৰু সেনাদলত থকা চাহাবাসকলক সেই সেনাপতিৰ আনুগত্য কৰিবলৈ নিৰ্দেশ দিলে। কিবা কাৰণত সেই সেনাপ্ৰধানজনে খং কৰি ক'লে যে, " নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক মোৰ কথা মানিবলৈ নিৰ্দেশ দিয়া নাছিলনে?" তেওঁলোকে ক'লে: "হয় (নিশ্চয় আদেশ দিছে)। তেন্তে শুনা! মই তোমালোকক আদেশ দিলোঁ যে, তোমালোকে কাঠ খৰি বিচাৰি আনি একত্ৰিত কৰা আৰু সেইবোৰৰ দ্বাৰা জুই জ্বলোৱা, আৰু সেই জুইত তোমালোকে প্ৰৱেশ কৰা। ইয়াৰ পিছত তেওঁলোকে আমীৰৰ কথামতে কাঠ খৰি গোটাই আনিলে আৰু জুই জ্বলালে। কিন্তু যেতিয়া তেওঁলোকে জুইত প্ৰৱেশ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া তেওঁলোকে ইজনে সিজনৰ মুখলৈ চাই দ্বিধাদ্বন্দত পৰিল। তেওঁলোকে ক'লে: "আমি এই অগ্নিৰ পৰাই ৰক্ষা পাবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছোঁ, তেন্তে আমি কিয় ইয়াত প্ৰৱেশ কৰিম?" এইদৰে তেওঁলোকৰ মাজত কথোপকথন চলি থকাৰ সময়ছোৱাতে জুইৰ শিখা নুমাই গ'ল আৰু ইপিনে আমিৰৰ খঙো প্ৰশমিত হৈ পৰিল। এই বিষয়টো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থাপন কৰাত তেখেতে ক'লে: যদি তেওঁলোকে সেই আমীৰৰ কথামতে জুইত জাঁপ দিলেহেঁতেন, যিটো তেওঁলোকক শাস্তি বিহাৰ উদ্দেশ্যে জ্বলোৱা হৈছিল, তেন্তে তেওঁলোকে তাৰ পৰা কিয়ামত পৰ্যন্ত ওলাই আহিব নোৱাৰিলেহেঁতেন। জানি থোৱা! সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি কোনো কাৰণতে সৃষ্টিৰ আনুগত্য কৰা বৈধ নহয়। সৃষ্টিৰ আনুগত্য কেৱল সৎ কৰ্মতহে ওৱাজিব, পাপকৰ্মত সৃষ্টিৰ আনুগত্য বৈধ নহয়।