নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বামীক নিষেধ কৰিছে নিজৰ স্ত্ৰীক এনেকুৱাকৈ অপছন্দ কৰিবলৈ, যি অপছন্দই তাক তাইৰ প্ৰতি অত্যাচাৰ কৰিবলৈ, তাইক পৰিত্যাগ কৰিবলৈ আৰু তাইক উপেক্ষা কৰিবলৈ ধাৱিত কৰে। কাৰণ মানুহ সৃষ্টিগতভাৱেই অপূৰ্ণ। গতিকে যদি সি তাইৰ মাজত থকা কোনো এটা আচৰণক অপছন্দ কৰে, তেন্তে সি নিশ্চয় তাইৰ মাজত বেলেগ এটা ভাল আচৰণো দেখিবলৈ পাব। সেয়ে যিটো আচৰণক সি পছন্দ কৰে সেইটোৰ প্ৰতি সি সন্তুষ্ট হ'ব লাগে, আৰু যিটো আচৰণক সি অপছন্দ কৰে সেইটোৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিব লাগে। ইয়াৰ ফলত সি ধৈৰ্য্যশীল হ'ব আৰু এনেকুৱা ঘৃণাৰ পৰা বিৰত থাকিব, যি ঘৃণাই তাক বিচ্ছেদৰ প্ৰতি ধাৱিত কৰে।