আব্দুল্লাহ ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক খুতবা এ হাজাত শিকাইছে। খুতবায়ে হাজাতৰ দ্বাৰা দৰাচলতে সেইবোৰ বাক্যক বুজোৱা হৈছে যিবোৰ শব্দ ভাষণ তথা কোনো গুৰুত্বপূৰ্ণ কামৰ পূৰ্বে কোৱা হয়। উদাহৰণস্বৰূপে খুতবায়ে নিকাহ আৰু খুতবায়ে জুমুআহ আদি। এই খুতবাটোৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা নিহিত হৈ আছে। যেনে- এই কথা বৰ্ণনা কৰা হৈছে যে, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। একমাত্ৰ তেওঁৰ ওচৰতে সহায় প্ৰাৰ্থনাৰ কথা কোৱা হৈছে। তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। গুনাহ মাৰ্জনা কৰিবলৈ তথা আওকাণ কৰিবলৈ কোৱা হৈছে। এইদৰে নফছৰ অনিষ্টতাৰ লগতে সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, হিদায়ত হৈছে আল্লাহৰ হাতত। তেওঁ যাক হিদায়ত দিয়ে, তাক পথভ্ৰষ্ট কৰিব পৰা কোনো নাই, আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে, তাক হিদায়ত দিব পৰা কোনো নাই। ইয়াৰ পিছত তাওহীদৰ সাক্ষ্য দানৰ কথা কোৱা হৈছে। অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। লগতে এই সাক্ষ্য প্ৰদান কৰা যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। ইয়াৰ পিছত তেখেতে তিনিটা আয়াতৰ জৰিয়তে এই খুতবা সমাপ্ত কৰিছে। য'ত প্ৰথমেই সৰ্বশক্তিমান আল্লাহৰ তাক্বৱা অৱলম্বনৰ কথা কোৱা হৈছে, তথা তেওঁৰ সন্তুষ্টি অৰ্জন কৰাৰ লক্ষৰে তেওঁৰ আদেশ পালন কৰিবলৈ আৰু তেওঁৰ নিষেধকৃত বিষয়সমূহৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। ইয়াৰ প্ৰতিদান হিচাপে কোৱা হৈছে যে, যিয়ে এইখিনি কাম কৰিব ইয়াৰ বিনিময়ত তাৰ কথা আৰু কৰ্ম সংশোধন হ'ব, পাপকৰ্ম মোচন হ'ব আৰু গুনাহসমূহ ক্ষমা হ'ব, লগতে পৃথিৱীত পৱিত্ৰ জীৱন লাভ কৰিব আৰু কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰি সফলতা লাভ কৰিব।