আবু তালিব মৃত্যুশয্যাত থকা অৱস্থাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক লা ইলা-হা ইল্লাল্লাহ স্বীকাৰ কৰিবলৈ ক'লে, যাতে ক্বিয়ামতৰ দিনা তেখেতে তেওঁৰ সপক্ষে ছুপাৰিছ কৰিব পাৰে, আৰু তেওঁ ইছলাম গ্ৰহণ কৰা বুলি সাক্ষ্য দিব পাৰে। কিন্তু কুৰাইশ্বে তেওঁক গালি পাৰিব বা নিন্দা কৰিব বুলি ভয়তে তেওঁ ইয়াক স্বীকাৰ নকৰিলে। সিহঁতে তেওঁৰ বিষয়ে ক'ব যে, মৃত্যুৰ ভয়ত দুৰ্বল হৈ ইছলাম গ্ৰহণ কৰিছে। লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, যদি এই আশংকা নাথাকিলহেঁতেন তেন্তে নিশ্চয় মই ইয়াৰ স্বীকাৰোক্তি প্ৰদান কৰি তোমাৰ অন্তৰক আনন্দিত কৰিলোঁহেঁতেন আৰু তোমাৰ আশা পূৰণ কৰিলোঁহেঁতেন। ইয়াৰ পিছত আল্লাহে আয়াত অৱতীৰ্ণ কৰি সকলোকে অৱগত কৰালে যে, হিদায়তৰ তাওফীক আপোনাৰ হাতত নাই। বৰং এইটো একমাত্ৰ আল্লাহৰ হাততহে আছে, তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেৱল পথ দেখুৱায় তথা বিতংভাৱে বৰ্ণনা কৰি চিৰাতে মুস্তাক্বীমৰ প্ৰতি আহ্বান কৰে।