নজদবাসীসকলৰ মাজৰ পৰা এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যাৰ চুলিবোৰ আছিল অপৰিপাটি, ধ্বনি আছিল সুউচ্চ। কিন্তু তেওঁৰ অস্পষ্টভাৱে অহা কথা কোনেও বুজি পোৱা নাছিল। অৱশেষত তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত আহি উপস্থিত হ'ল আৰু সেইবোৰ বিধান সম্পৰ্কে সুধিলে যিবোৰ বিধান ইছলামত বাধ্যতামূলক। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথমে নামাজৰ কথা উল্লেখ কৰিলে আৰু জনালে যে, মহান আল্লাহে দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। তেওঁ সুধিলেঃ এই পাঁচ ওৱাক্ত নামাজৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো নামাজ ফৰজ আছে নেকি? তেখেতে ক'লেঃ নহয়, যদি তুমি নফল নামাজ পঢ়িব বিচৰা তেন্তে সেয়া তোমাৰ ওপৰত। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ এইদৰে আল্লাহে ৰমাজান মাহৰ ৰোজা ফৰজ কৰিছে। তেতিয়া ব্যক্তিজনে ক'লেঃ ৰমাজানৰ ৰোজাৰ বাহিৰে বেলেগ কোনো ৰোজা মোৰ ওপৰত ফৰজ আছে নেকি ? তেখেতে ক'লেঃ নহয়। কিন্তু তুমি নফল ৰোজা ৰাখিব পাৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জাকাতৰ কথা উল্লেখ কৰিলে। তেতিয়া ব্যক্তিজনে ক'লেঃ ফৰজ জাকাতৰ পিছত মোৰ ওপৰত বেলেগ কোনো দান-খয়ৰাত কৰাটো বাধ্যতামূলক নেকি? তেখেতে ক'লেঃ নহয়। কিন্তু নফল দান-খয়ৰাত কৰিব পাৰা। ব্যক্তিজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই ফৰজ বিধানসমূহ শুনাৰ পিছত উভতি যোৱাৰ সময়ত আল্লাহৰ শপত খাই কৈ গ'ল যে, তেওঁ এইবোৰ নিশ্চিতভাৱে পালন কৰিব, ইয়াৰ মাজত একো বৃদ্ধিও নকৰিব আৰু একো হ্ৰাসো নকৰিব। ব্যক্তিজন গুচি যোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ ব্যক্তিজনে শপত কৰা মতে যদি সঁচাকৈয়ে পালন কৰে, তেন্তে তেওঁ নিশ্চয় সফলতা অৰ্জনকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব।