নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে দ্বীনৰ প্ৰকাশ্য বিষয়বোৰ মানি চলিব, যেনে- আমাৰ দৰে নামাজ পঢ়িব, আমাৰ কিবলাৰ ফালে মুখ কৰিব আৰু আমি জবেহ কৰা পশুৰ মাংসক হালাল বুলি মানি ভক্ষণ কৰিব, সেই ব্যক্তিয়ে হৈছে মুছলিম। সেই ব্যক্তিৰ ক্ষেত্ৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা নিৰাপত্তা আৰু অংগীকাৰ আছে। গতিকে তোমালোকে আল্লাহৰ নিৰপত্তা আৰু অংগীকাৰ ভংগ নকৰিবা।