মিক্বদাদ ইবনুল আছৱাদ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, যদি তেওঁ যুদ্ধ ক্ষেত্ৰত কোনো কাফিৰসকলৰ সৈতে যুদ্ধ কৰাৰ সময়ত, কোনো এজন কাফিৰে তৰোৱালেৰে তেওঁৰ এখন হাত কাটি দিয়ে আৰু তাৰ পিছত সি তেওঁৰ পৰা বাচিবলৈ কোনো বৃক্ষৰ পিছফালে পলায়ন কৰে আৰু যদি এই কথা স্বীকাৰ কৰি কয় যে, লা ইলাহা ইল্লাল্লাহ (অৰ্থাৎ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই)। তেন্তে তাক হত্যা কৰা বৈধ হ'বনে, যিহেতু সি মোৰ এখন হাত কাটি দিছে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লে, তাক হত্যা নকৰিবা। তেওঁ আকৌ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সি মোৰ এখন হাত কাটি দিছে, ইয়াৰ পিছতো মই তাক হত্যা কৰিব নোৱাৰিমনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তাক হত্যা নকৰিবা। কাৰণ তাৰ তেজ প্ৰবাহিত কৰা হাৰাম হৈ পৰিছে। কিয়নো সি ইছলাম গ্ৰহণ কৰাৰ পিছতো যদি তুমি তাক হত্যা কৰা, তেন্তে সি তোমাৰ স্থানত আহি পৰিব, কাৰণ ইছলাম গ্ৰহণৰ পিছত তাৰ তেজ প্ৰবাহিত কৰাটো হাৰাম। পক্ষান্তৰে ইছলাম গ্ৰহণৰ পূৰ্বে যিদৰে তাক হত্যা কৰা বৈধ আছিল, হত্যা কৰাৰ পিছত তুমি তাৰ স্থানলৈ অৱনমিত হ'বা, কাৰণ কিচাচৰূপে তোমাৰ মৃত্যুদণ্ড বৈধ হ'ব।