ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুমিনৰ অন্তৰত চয়তানে দিয়া কুমন্ত্ৰণাৰ উপকাৰী চিকিৎসা হৈছে জ্ঞানীসকলৰ ওচৰত সোধ-পোচ কৰা। চয়তানে কুমন্ত্ৰণা দি কয়ঃ এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? আকাশ কোনে সৃষ্টি কৰিছে? পৃথিৱী কোনে সৃষ্টি কৰিছে? দ্বীন, ফিতৰত আৰু বিবেক অনুসৰি এজন মুমিন ব্যক্তিয়ে ইয়াৰ উত্তৰ দিয়ে যে, এইবোৰক আল্লাহে সৃষ্টি কৰিছে। কিন্তু চয়তানে এইখিনিতে পিছ নেৰে, বৰং আৰু এখোঁজ আগুৱাই গৈ কয়ঃ তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? মুমিন ব্যক্তিয়ে এনেকুৱা কুমন্ত্ৰণাক তিনিটা উপায়েৰে মুকাবিলা কৰে। আল্লাহৰ প্ৰতি দৃঢ় ঈমান পোষণ কৰি। ইয়াৰ পিছত চয়তানৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰি। লগতে এনেকুৱা কুমন্ত্ৰণা মনত অহাৰ লগে লগে সেইটোক তৎক্ষণাত বন্ধ কৰি দিয়াৰ মাধ্যমেৰে।