উবাদাহ বিন চামিত ৰাদ্বিয়াল্লাহু আনহু আছিল বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা বাদ্ৰী চাহাবী, লগতে তেওঁ আছিল তেওঁৰ গোত্ৰ এজন প্ৰধান ব্যক্তি। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰাৰ পূৰ্বে মক্কাত থকা অৱস্থাত মীনাত আকাবাৰ ৰাতিত উবাদাকে আদি কৰি কেইবাজনো ব্যক্তিয়ে তেখেতক সহায়-সহযোগ কৰিবলৈ তথা সমৰ্থন আগবঢ়াবলৈ গৈছিল। তেওঁ বৰ্ণনা কৰিছে যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ মাজত বহি আছিল, তেনেতে তেখেতে চাহাবাসকলক কেইবাটাও বিষয়ত অংগীকাৰ ল'বলৈ ক'লে যে, প্ৰথমঃ আল্লাহৰ ইবাদতত কাকো অংশীদাৰ স্থাপন নকৰিবা, যদিও সেয়া যিমানেই সৰু নহওক কিয়। দ্বিতীয়ঃ চুৰি নকৰিবা। তৃতীয়ঃ জিনাৰ দৰে ব্যভিচাৰ নকৰিবা তথা অশ্লীলতাত লিপ্ত নহ'বা। চতুৰ্থঃ নিজৰ সন্তানক হত্যা নকৰিবা, ল'ৰাই হওক বা ছোৱালী। ল'ৰাক ভৰণ পোষণৰ ভয়ত আৰু ছোৱালীক লাজৰ কাৰণে। পঞ্চমঃ তেওঁলোকে যেন নিজৰ হাত ভৰিৰে মিছা অপবাদ ৰচনা নকৰে। কাৰণ অধিকাংশ অপৰাধ এই দুটা অংগৰ দ্বাৰাই সংঘটিত হয়। যদিও অন্যান্য অংগবোৰো ইয়াৰ সৈতে জৰিত থাকে। ষষ্ঠঃ সৎকৰ্মত যাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অবাধ্যতা নকৰে। তেওঁলোকৰ মাজৰ যিসকলে এই প্ৰতিজ্ঞাত অটল থাকিব আৰু উল্লেখ কৰা চৰ্তবোৰ মানি চলিব, তেওঁলোকৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। যিয়ে শ্বিৰ্ক নকৰাকৈ এই চৰ্তবোৰৰ মাজৰ কিছু লঙ্ঘন কৰে, ফলত পৃথিৱীতেই যদি সি শাস্তি ভোগ কৰে, তেন্তে সেইটো তাৰ বাবে কাফফাৰা হ'ব, আৰু তাৰ গুনাহ মাফ হৈ যাব। আনহাতে যদি কোনোবাই এনেকুৱা গুনাহ কৰি পেলায় আৰু আল্লাহে সেইটোক প্ৰকাশ কৰি নিদিয়ে, তেন্তে সেই বিষয়টো আল্লাহৰ ওপৰত নিৰ্ভৰশীল হ'ব; তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰিব আৰু ইচ্ছা কৰিলে শাস্তি দিব। ইয়াৰ পাছত উপস্থিত সকলো চাহাবাই এইবোৰ বিষয়ত বাইআত কৰিলে।