নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সম্বোধন কৰি ভাষণ দিবলৈ থিয় হ'ল আৰু তেখেতে সেই ভাষণৰ মাজতে পাঁচটা বিষয় উল্লেখ কৰি ক'লে যে, প্ৰথমঃ সৰ্বশক্তিমান আল্লাহে কেতিয়াও টোপনি নাযায়। দ্বিতীয়ঃ কিয়নো টোপনি তেওঁৰ সত্ত্বাৰ বাবে উপযুক্ত নহয়। কাৰণ তেওঁ সৰ্বসত্ত্বাৰ ধাৰক, চিৰঞ্জীৱ। তৃতীয়ঃ মহান আল্লাহে বান্দাসকলৰ আমল অনুপাতে তুলাচনী উঠায় আৰু নমায়। বান্দাসকলৰ সেইবোৰ আমলক ওজন কৰা হয় যিবোৰ আমল তেওঁৰ ফালে আৰোহণ কৰে, আৰু বান্দাসকলৰ ফালে নামি অহা সিহঁতৰ জীৱিকাকো ওজন কৰা হয়। এতেকে জীৱিকা যিহেতু প্ৰতিটো মখলুকৰ নিৰ্ধাৰিত অংশ, সেয়ে তেওঁ কেতিয়াবা ইয়াক হ্ৰাস কৰি সিহঁতক অভাৱ অনাটনত পেলায় আৰু কেতিয়াবা অধিক প্ৰদান কৰি প্ৰশস্ততা প্ৰদান কৰে। চতুৰ্থঃ বান্দাসকলৰ ৰাতিৰ প্ৰতিটো আমল দিন হোৱাৰ আগতে তেওঁৰ ফালে উঠাই লোৱা হয়। এইদৰে দিনৰ প্ৰতিটো আমল ৰাতি হোৱাৰ আগতেই উঠাই লোৱা হয়। এতেকে দায়িত্বত থকা ফিৰিস্তাসকলে দিনৰ আৰম্ভণিতে ৰাতিৰ আমলসমূহ লৈ আৰোহণ কৰে, এইদৰে ৰাতিৰ আৰম্ভণিতে দিনৰ আমলসমূহ লৈ ওপৰলৈ উঠে। পঞ্চমঃ মহান আল্লাহক দীদাৰৰ পৰা বাধা প্ৰদানকাৰী পৰ্দাটো হৈছে নূৰ (জ্যোতি) অথবা নাৰ (অগ্নি)। যদি তেওঁ সেইটো উন্মুক্ত কৰি দিয়ে তেন্তে তেওঁৰ নূৰৰ তাজাল্লীয়ে সৃষ্টি জগতৰ যিমান দূৰলৈ দৃষ্টি যাব, জ্বলি-পুৰি ছাই হৈ যাব। গতিকে সৰ্বশক্তিমান আল্লাহৰ মুখমণ্ডলৰ জ্যোতি হৈছে নূৰ, আৰু এইটোৱে হৈছে তেওঁৰ সৌন্দৰ্য্য। আৰু ইয়াৰ অৰ্থ হ'ল যে, যদি তেওঁ সৃষ্টিৰ সন্মুখত নিজৰ পৰ্দা আঁতৰাই দিয়ে তেন্তে তেওঁৰ মুখমণ্ডলৰ নূৰৰ ফলত তেওঁৰ দৃষ্টি সীমালৈকে সকলো বস্তুকে পুৰি ছাই কৰি পেলাব; আৰু জানি থোৱা উচিত যে, তেওঁৰ দৃষ্টিয়ে সমগ্ৰ বিশ্বজগতকে সামৰি আছে।