আনাছ ইবনে মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “প্রত্যেক আদম সন্তানেই পাপী। কিন্তু এই পাপীসকলৰ মাজত উত্তম হৈছে সেইসকল, যিসকলে তাওবা কৰে।” হাছান – এই হাদীছটোক ইবনে মাজাই বৰ্ণনা কৰিছে। হাছান - (ইবনে মাজাহ) - (তিৰমিজী) - (আহমদ) - ইয়াক দাৰিমীয়ে বৰ্ণনা কৰিছে
explain-icon

ব্যাখ্যা

গুনাহৰ পৰা কোনো মানুহেই মুক্ত নহয়। কাৰণ মানুহক সৃষ্টিগতভাৱে দুৰ্বল সৃষ্টি কৰা হৈছে, আৰু আল্লাহে মানুহক যিবোৰ কৰ্ম কৰিবলৈ আদেশ দিছে আৰু যিবোৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে সেইবোৰ পালন নকৰাৰ ক্ষেত্ৰত কোনেও মুক্ত নহয়। কিন্তু আল্লাহ তা‘আলাই তেওঁৰ বান্দাসকলৰ বাবে তাওবাৰ দুৱাৰ খুলি ৰাখিছে। তেওঁ জনাই দিছে যে, আটাইতকৈ উত্তম পাপী সেইসকল, যিসকলে বেছি বেছি তাওবা কৰে।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • আদম সন্তানৰ বৈশিষ্ট্য হৈছে ভুল কৰা আৰু গুনাহত পতিত হোৱা। এতেকে মুমিনৰ বাবে অনিবাৰ্য হৈছে, কোনো গুনাহত পতিত হোৱাৰ লগে লগে তাওবা কৰা।
explain-icon

অধিক