আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই হাদীছটোত জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মায়িঝ বিন মালিক আল-আছলামীক ব্যভিচাৰৰ শাস্তি হিচাপে ৰজম (শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান) কৰাৰ পিছত থিয় হৈ মানুহক ভাষণ প্ৰদান কৰি ক'লেঃ তোমালোকে এনেকুৱা অশ্লীল কাৰ্যকলাপ পৰিহাৰ কৰা, এইবোৰ হৈছে নিকৃষ্ট গুনাহৰ কাম, যিবোৰ আল্লাহে নিষেধ কৰিছে। যদি কোনোবাই এনেকুৱা কামত পতিত হয়, তেন্তে সেই ব্যক্তিৰ বাবে দুটা কাম অনিবাৰ্য্য হৈ পৰে। ১) সেই গুনাহটোক গোপন কৰিব লাগে, তথা আল্লাহৰ পৰ্দাৰ শৰণাপন্ন হ'ব লাগে, লগতে সেই গুনাহ সম্পৰ্কে কাকো জনাব নালাগে। ২) দ্ৰুত আল্লাহৰ ওচৰত তাওবা কৰিব লাগে, সেই গুনাহৰ ওপৰত অটল থাকিব নালাগে। কাৰণ যাৰ গুনাহ আমাৰ সন্মুখত প্ৰকাশ পাব, তাৰ ওপৰত আমি সেই শাস্তি কাৰ্যকৰী কৰিম, যিটো সৰ্বশক্তিমান আল্লাহে সেই গুনাহৰ বাবে নিৰ্ধাৰণ কৰিছে।