নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহে হাদীছে কুদছীত কৈছে যে, হে আদম সন্তান! তুমি যেতিয়ালৈকে মোক আহ্বান কৰিবা আৰু মোৰ প্ৰতি আশা ৰাখিবা আৰু নিৰাশ নহ'বা, তেতিয়ালৈকে মই তোমাৰ গুনাহবোৰক ঢাকি ৰাখিম আৰু কোনো ভ্ৰূক্ষেপ নকৰাকৈয়ে ক্ষমা কৰি দিম। যদিও এই গুনাহ কোনো কাবীৰা গুনাহে নহওক কিয়। হে আদম সন্তান! তোমাৰ গুনাহেৰে যদি আকাশ আৰু পৃথিৱীৰ মাজত থকা মহাশূন্য ভৰি যায়, ইয়াৰ পিছতো যদি তুমি মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তেন্তে মই তোমাৰ সকলো গুনাহ ক্ষমা কৰি দিম, গুনাহৰ আধিক্যৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰোঁ। হে আদম সন্তান! তুমি যদি মৃত্যুৰ পিছত পৃথিৱীৰ সমান গুনাহ লৈ উপস্থিত হোৱা, আৰু তুমি যদি শ্বিৰ্ক নকৰা অৱস্থাত মৃত্যুবৰণ কৰি থাকা, তেন্তে মই তোমাৰ সেই পৃথিৱীৰ সমান গুনাহৰ পৰিবৰ্তে, সেই অনুপাতে ক্ষমা দান কৰিম। কাৰণ মই অসীম ক্ষমাশীল। মই শ্বিৰ্কৰ বাহিৰে সকলো গুনাহ ক্ষমা কৰি দিওঁ।