হাদীছটোত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতিৰ এটা অংশ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে, তেখেতে চালাতৰ বাবে থিয় হৈ প্ৰথমে তাকবীৰে তাহৰীমা দিছিল। ইয়াৰ পিছত ৰুকু কৰোঁতেও তাকবীৰ দিছিল, লগতে ছাজদাহ কৰোঁতে আৰু ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে দ্বিতীয় ছাজদাহ দিয়াৰ সময়ত আৰু দ্বিতীয় ছাজদাৰ পৰা উঠোঁতেও তাকবীৰ দিছিল। এইদৰে তিনি বা চাৰি ৰাকাত বিশিষ্ট চালাতত প্ৰথম তাশ্বাহহুদৰ পৰা তৃতীয় ৰাকাতৰ বাবে উঠোঁতেও তাকবীৰ দিছিল। এইদৰেই তেখেতে প্ৰত্যেক ৰাকাততে তাকবীৰ দি চালাত সম্পন্ন কৰিছিল। তেখেতে ৰুকুৰ পৰা উঠোঁতে ছামি আল্লাহু লিমান হামিদাহ কৈছিল, লগতে থিয় হৈ থকা অৱস্থাতে কৈছিল, ৰাব্বানা লাকাল হাম্দ। চালাতৰ পদ্ধতি উপস্থাপন কৰি আবু হুৰাইৰাই কৈছেঃ সেই সত্ত্বাৰ শপত, যাৰ হাতত মোৰ প্ৰাণ আছে, তোমালোকতকৈ মোৰ চালাত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ সৈতে অধিক সাদৃশ্যপূৰ্ণ। পৃথিৱীৰ পৰা বিদায় লোৱাৰ সময় পৰ্যন্ত এইটোৱে আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চালাতৰ পদ্ধতি।