হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইবনে মাছঊদক নামাজৰ তাশ্বাহহুদত পঢ়িবলগীয়া দুআটো শিকাইছিল। তেতিয়া তেওঁৰ হাত তেখেতৰ হাতৰ ভিতৰত আছিল, যাতে তেওঁ পৰিপূৰ্ণৰূপে মনোযোগ দিয়ে। তেখেতে তেওঁক তাশ্বাহহুদ সিমানেই গুৰুত্ব সহকাৰে শিকাইছিল যিমান গুৰুত্ব সহকাৰে তেওঁক কোৰআনৰ ছুৰা শিকাইছিল। এই কথাটোৱে তাশ্বাহহুদৰ শব্দ আৰু অৰ্থৰ প্ৰতি থকা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুৰুত্বৰ প্ৰমাণ কৰে। তেখেতে কৈছেঃ "আত্তাহিয়্যাতু লিল্লাহি " অৰ্থাৎ সকলো প্ৰকাৰৰ সন্মানসূচক কথা হওক বা কৰ্ম, ইয়াৰ প্ৰাপ্য অধিকাৰ হৈছে একমাত্ৰ সৰ্বশক্তিমান আল্লাহৰ। "আচ্ছালাৱাত" অৰ্থাৎ সকলো প্ৰকাৰ নামাজ ফৰজ হওক বা নফল একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "ُআত-তায়্যিবাত" পৱিত্ৰতা আৰু স্বয়ংসম্পূৰ্ণতা প্ৰমাণ কৰিব পৰা সকলো কথা আৰু কৰ্ম তথা সকলো বৈশিষ্ট্য একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। "আচ্ছালামু আলাইকা আয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ" এইটো হৈছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে এটা দুআ, যাতে তেখেত সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা তথা অপ্ৰিয় ঘটনাৰ পৰা সুৰক্ষিত থাকে, লগতে তেখেতৰ বাবে কল্যাণ বৃদ্ধি হয়। "আচ্ছালামু আলাইনা অ আলা ইবাদিল্লাহিচ্ছলিহীন" এইটো হৈছে নামাজীসকলৰ বাবে লগতে আকাশ আৰু পৃথিৱীত থকা সকলো নেক বান্দাৰ বাবে দুআ। "আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ" অৰ্থাৎ মই সম্পূৰ্ণ দৃঢ়তাৰ সৈতে এই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। "ওৱা আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ" লগতে মই সাক্ষ্য দিওঁ যে, তেখেত হৈছে আল্লাহৰ বান্দা আৰু অন্তিম ৰাছুল। এই দুআটো পাঠ কৰাৰ পিছত নিজৰ ইচ্ছা মতে দুআ কৰিবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে।