নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত প্ৰৱেশ কৰিলে। তেখেতৰ পিছতে আৰু এজন লোক প্ৰৱেশ কৰিলে। সেই ব্যক্তিজনে লৰালৰিকৈ দুই ৰাকাত নামাজ পঢ়িলে। কিন্তু সেই ব্যক্তিজনে ৰূকু ছাজদা আৰু কিয়াম ধীৰস্থিৰে কৰা নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যক্তিজনৰ নামাজ প্ৰত্যক্ষ কৰি আছিল। ব্যক্তিজনে নামাজ শেষ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেখেত মছজিদতে বহি আছিল, আহি তেখেতক ছালাম কৰিলে আৰু তেখেতে ছালামৰ উত্তৰ দিলে, লগতে তাক ক'লেঃ তুমি উভতি যোৱা, পুনৰ নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। সি উভতি গৈ পুনৰ খৰখেদাকৈ নামাজ পঢ়িলে যিদৰে পূৰ্বে পঢ়িছিল। ইয়াৰ পিছত আকৌ ঘূৰি আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ছালাম কৰিলে। তেখেতে তাক আকৌ ক'লেঃ তুমি উভতি যোৱা, নামাজ পঢ়াগৈ। কাৰণ তুমি নামাজ পঢ়া নাই। এনেকৈ তিনিবাৰ হোৱাৰ পিছত, ব্য়ক্তিজনে ক'লেঃ সেই সত্ত্বাৰ শপত, যিয়ে আপোনাক সত্য সহকাৰে প্ৰেৰণ কৰিছে, ইয়াতকৈ সুন্দৰভাৱে নামাজ পঢ়াটো মোৰ পক্ষে সম্ভৱ নহয়। গতিকে আপুনি মোক শিকাই দিয়ক। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তাক ক'লেঃ যেতিয়া তুমি নামাজত থিয় হ'বা, তেতিয়া তাকবীৰে তাহৰীমা দি আল্লাহু আকবাৰ বুলি ক'বা। ইয়াৰ পিছত ছুৰা ফাতিহাৰ পিছত সাধ্যানুযায়ী কোৰআন তিলাৱত কৰিবা। ইয়াৰ পিছত ধীৰস্থিৰে ৰূকু কৰিবা, ৰূকুত পিঠি সমতল ৰাখিবা, হাতেৰে ভালকৈ আঁঠু খামুচি ধৰিবা। তাৰ পিছত ৰূকুৰ পৰা উঠি পোন হৈ থিয়া হ'বা, যাতে প্ৰতিটো হাড়ে নিজ নিজ স্থান গ্ৰহণ কৰে, আৰু তুমি শান্ত হৈ পোনহৈ থিয় হ'বা। ইয়াৰ পিছত ছাজদাহ কৰিবা ধীৰস্থিৰভাৱে। ছাজদাত যাতে তোমাৰ কপাল আৰু নাক ছাজদাৰ ঠাই স্পৰ্শ কৰে, এইদৰে তোমাৰ দুয়ো হাত, দুয়ো আঁঠু আৰু দুয়ো ভৰিৰ আঙুলিবোৰ মাটিত স্পৰ্শ কৰে। ইয়াৰ পিছত মূৰ তুলি দুই ছাজদাৰ মাজত শান্ত হৈ বহিবা। এইদৰে তুমি নামাজৰ প্ৰতিটো ৰাকাততে কৰিবা।