হাদীছটোত ছাআদ ইবনে আবী অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া নামাজৰ ছালাম ফিৰাইছিল, তেখেত ইমান পৰিমাণ সোঁফালে মুখ ঘূৰাইছিল যে, মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ, এইদৰে তেখেতে যেতিয়া বাওঁফালে মুখ ঘূৰাইছিল তেতিয়া মই তেখেতৰ গালৰ শুভ্ৰতা দেখিছিলোঁ।