নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই পাঁচটা বিষয়ত দুআ কৰিছিল, যিবোৰ বিষয় প্ৰতিজন মুছলিমৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই দুআৰ মাজত পৃথিৱী আৰু আখিৰাত উভয়ৰে কল্যাণক সামৰি লোৱা হৈছে। যেনে- ক্ষমা প্ৰাৰ্থনা কৰা হৈছে, গুনাহ মাৰ্জনা কৰিবলৈ তথা আওকাণ কৰিবলৈ দুআ কৰা হৈছে, ৰহমত প্ৰদান কৰিবলৈ কোৱা হৈছে, লগতে বেমাৰ-আজাৰ সন্দেহ-সংশয় আৰু প্ৰবৃত্তিৰ কামনা-বাসনা আদিৰ পৰা ৰক্ষা কৰিবলৈ কোৱা হৈছে, এইদৰে সত্যৰ ওপৰত তথা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখিবলৈ দুআ কৰা হৈছে। এইদৰে ঈমান, ইল্ম আৰু নেক আমলৰ তাওফীক কামনা কৰা হৈছে, লগতে আল্লাহৰ ওচৰত পৱিত্ৰ জীৱিকা বিচৰা হৈছে।