চাহাবাসকলে নবী চাল্লাল্লাহু আলাই অছাল্লামক তেখেতৰ প্ৰতি কেনেকৈ দৰূদ পাঠ কৰিব লাগে তাৰ পদ্ধতি সম্পৰ্কে জানিবলৈ প্ৰশ্ন কৰিলে। কাৰণ তেখেতক কেনেকৈ ছালাম কৰিব লাগে সেই বিষয়টো তেওঁলোকে আত্তাহিয়্যাতুৰ জৰিয়তে শিকিছিল, তাত কোৱা হৈছেঃ আচ্ছালামু আলাইকা আয়্যুহান্নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ......। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক দৰূদ পাঠ কৰাৰ পদ্ধতি শিকাই দিলে, যাৰ অৰ্থ হৈছেঃ "আল্লা-হুম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ" অৰ্থাৎ হে আল্লাহ! ফিৰিস্তাসকলৰ সন্মুখত তেওঁৰ প্ৰশংসা কৰা, লগতে তেওঁৰ দ্বীনৰ অনুসাৰীসকলৰ ওপৰত আৰু তেওঁৰ নিকটাত্মীয় মুমিনসকলৰ ওপৰত ৰহমত বৰ্ষণ কৰা। "কামা চাল্লাইতা আলা ইব্ৰাহীম" যিদৰে তুমি ইব্ৰাহীম আৰু তেওঁৰ পৰিয়ালৰ ওপৰত অনুগ্ৰহ কৰিছা, অৰ্থাৎ ইব্ৰাহীম ইছমাঈল ইছহাক্ব আৰু তেওঁলোকৰ বংশধৰ আৰু তেওঁলোকৰ মুমিন অনুসাৰীসকলৰ ওপৰত। সেইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰতো অনুগ্ৰহ কৰা। "ইন্নাকা হামীদুম মাজীদ।" অৰ্থাৎ তোমাৰ সত্ত্বা প্ৰশংসিত, তোমাৰ সকলো প্ৰকাৰ গুণ আৰু কৰ্ম প্ৰশংসনীয়। তুমি মহান সত্ত্বা আৰু ব্যাপক ৰাজত্বৰ অধিকাৰী, মহান দাতা। "আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম" অৰ্থাৎ তুমি তেওঁক কল্যাণ আৰু মৰ্যাদা দান কৰা, আনকি সুউচ্চ মৰ্যাদা প্ৰদান কৰা আৰু বৃদ্ধি কৰা আৰু তাত অটল ৰখা।