হাদীছটোত বৰ্ণিত হৈছে যে, হুদাইবিয়াত এদিনাখন ৰাতি বৰষুণ হোৱাৰ পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ চালাত পঢ়াইছিল, হুদাইবিয়্যাহ হৈছে মক্কাৰ নিকটৱৰ্তী এটা অঞ্চল। তেখেতে চালাত শেষ কৰি ছালাম ফিৰাই লোকসকলৰ ফালে মুখ কৰিছিল, আৰু তেওঁলোকক সুধিছিল যে, তোমালোকে জানানে তোমালোকৰ সৰ্বশক্তিমান প্ৰতিপালকে কি কৈছে? তেওঁলোকে উত্তৰত কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। ইয়াৰ পিছত তেখেতে কৈছিলঃ আল্লাহে এই কথা স্পষ্ট কৰিছে যে, বৰষুণকলৈ মানুহ দুই ভাগত বিভক্ত। এক প্ৰকাৰ মানুহ আল্লাহৰ প্ৰতি বিশ্বাসী আৰু আন এক প্ৰকাৰৰ মানুহ আল্লাহৰ প্ৰতি অবিশ্বাসী। এতেকে যিসকলে কৈছে যে, আল্লাহৰ দয়া আৰু অনুগ্ৰহত আমাৰ ওপৰত বৰষুণ হৈছে, অৰ্থাৎ যিসকলে বৰষুণ অৱতীৰ্ণৰ বিষয়টোক আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে, তেওঁলোক হৈছে মুমিন তথা আল্লাহৰ প্ৰতি বিশ্বাসী, যিজনে বিশ্বজগতক সৃষ্টি কৰিছে তথা যিজনে ইয়াক নিয়ন্ত্ৰণ কৰে। লগতে তেওঁলোকে নক্ষত্ৰৰাজিৰ ক্ষমতাক অস্বীকাৰ কৰে। আনহাতে যিয়ে এইদৰে কৈছে যে, অমুক অমুক নক্ষত্ৰৰ কাৰণে বৰষুণ হৈছে, সি হৈছে দৰাচলতে আল্লাহক অস্বীকাৰকাৰী আৰু নক্ষত্ৰৰ প্ৰতি বিশ্বাসী। বৰষুণ হোৱা নোহোৱা বিষয়টোক নক্ষত্ৰৰ সৈতে সম্পৃক্ত কৰাটো হৈছে কুফৰে আচগৰ বা সৰু কুফৰ। আল্লাহে ইয়াক চৰীয়তি কোনো কাৰণ হিচাপেও বৰ্ণনা কৰা নাই আৰু প্ৰাকৃতিক কাৰণ হিচাপেও উল্লেখ কৰা নাই। আনহাতে যিয়ে বৰষুণ আৰু প্ৰাকৃতিক ঘটনা আদিক নক্ষত্ৰৰ উঠা নুঠাৰ সৈতে সম্পৃক্ত কৰে, এই বিশ্বাস কৰি যে, এইবোৰ নক্ষত্ৰৰ কাৰণেই এইবোৰ সংঘটিত হয়, সি দৰাচলতে কুফৰে আকবৰ বা ডাঙৰ কুফৰ কৰে।