হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুমিন ব্যক্তিক বেছি বেছি নেক আমল সোনকালে কৰিবলৈ উৎসাহিত কৰিছে, সেই ফিতনা অহাৰ আগতেই যি ফিতনাই মানুহক সন্দেহ সংশয়ত লিপ্ত ৰাখিব, তথা সৎকৰ্মৰ পৰা বাধা দিব। সেই ফিতনা অন্ধকাৰ ৰাতিৰ দৰে ঘন সন্নিৱিষ্ট হৈ আহিব। সেই সময়ত সত্য মিছাৰ সৈতে মিশ্ৰিত হ'ব, ফলত মানুহৰ বাবে পাৰ্থক্য কৰাটো কঠিন হৈ পৰিব। পৰিস্থিতি ইমান কঠিন হ'ব যে, যদি কোনোবাই পুৱাৰ ভাগত ঈমান পোষণ কৰে তেন্তে সন্ধিয়া নহওঁতেই সি আকৌ কাফিৰ হৈ যাব। এইদৰে যদি কোনোবাই সন্ধিয়াৰ ভাগত ঈমান পোষণ কৰে তেন্তে ৰাতিপুৱা নহওঁতেই পুনৰ কাফিৰ অৱস্থালৈ ঘূৰি যাব। সি পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সম্পদৰ কাৰণে নিজৰ ঈমান ত্যাগ কৰিব।