হাদীছটোত আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মই মুখস্থ কৰিব পাৰোঁ। কিন্তু এই দেখি কুৰাইশ্বৰ কিছুমান লোকে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আালইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে কেতিয়াবা খঙত কথা কয় আৰু কেতিয়াবা শান্ত অৱস্থাত। গতিকে খঙত ভুল কথাও ক'ব পাৰে, সেয়ে মই লিখা বন্ধ কৰিলোঁ। এদিনাখন মই তেওঁলোকে কোৱা কথাখিনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক জনালোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে তেখেতৰ মুখৰ ফালে ইংগিত কৰি ক'লে যে, লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, এই মুখৰ পৰা সৰ্বাৱস্থাতেই সত্য কথা ওলায়, শান্ত অৱস্থা হওক বা ক্ৰোধ অৱস্থা। পৱিত্ৰ কোৰআনত মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে কৈছেঃ "আৰু তেওঁ মনে সজা কথা নকয়। * এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়।" (ছুৰা আন-নজমঃ ৩-৪)