explain-icon

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে জানি বুজি কোনো কথা বা কৰ্ম মিছাতে তেখেতে কৰা বুলি প্ৰচাৰ কৰিব, আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম। এইটো হৈছে তেখেতৰ সৈতে মিছা কথা সম্পৃক্ত কৰাৰ প্ৰতিফল।

explain-icon

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  • জানি বুজি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা সম্পৃক্ত কৰাটো হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।
  • নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মিছা কথা সম্পৃক্ত কৰাটো অন্যান্য লোকৰ বিষয়ে মিছা কথা কোৱাৰ দৰে নহয়। কাৰণ তেখেতৰ বিষয়ে মিছা কথা কোৱাৰ ফলত দ্বীন আৰু দুনিয়া উভয় ক্ষেত্ৰতে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়।
  • পুংখানুপুংখভাৱে অনুসন্ধান নকৰাকৈ তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হাদীছটোৰ সম্পৰ্ক আছে বুলি নিশ্চিত নোহোৱাকৈ কোনো হাদীছ প্ৰচাৰ কৰিবলৈ সতৰ্ক কৰা হৈছে।