হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে তেওঁৰ নামত এনেকুৱা হাদীছ প্ৰচাৰ কৰে যিটো সম্পৰ্কে সি জানে অথবা তাৰ ধাৰণা আছে নাইবা সি নিশ্চিত যে সেইটো তেখেতৰ নামত মিছা প্ৰচাৰ কৰা হৈছে, তেন্তে বৰ্ণনাকাৰী আৰু প্ৰচাৰকাৰীও মিছলীয়া বুলি গণ্য হ'ব।